অসম বিধানসভাত কাইলৈ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

বিত্ত মন্ত্রী অজন্তা নেওগে কাইলৈ দিনৰ ১১-৩০ বজাত বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। এইখনে হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূর্ণাংগ বাজেট। বিত্তমন্ত্রী অজন্তা নেওগে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে চৰকাৰে এখন ভাল বাজেট দিবৰ কাৰণে চেষ্টা কৰিছে। বাজেটত সামগ্ৰিকভাৱে ৰাজ্যৰ বিভিন্ন সমস্যাই স্থান পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এইবাৰৰ বাজেটত অসমক কিদৰে এখন ভাল ৰাজ্য হিচাপে গঢ়ি তোলাৰ বিভিন্ন প্রয়াস প্রতিফলিত হ’ব। এইবাৰৰ বাজেটত মহিলা, যুৱক আৰু দৰিদ্ৰক অধিক প্রাধান্য দিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।