যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা ৩ দিনীয়াকৈ অসম চাহ জনজাতি ছাত্র সন্থাৰ ২৯ সংখ্যক দ্বিবার্ষিক অধিবেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবার্ষিক সাধাৰণ অধিবেশন অনুষ্ঠিত হৈছে। অধিবেশনৰ মুকলি সভাত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমৰ জাতীয় জীৱনৰ অন্যতম শক্তিশালী সংগঠন অসম চাহ জনজাতি ছাত্র সন্থাই প্ৰতিষ্ঠা কালৰে পৰা চাহ জনগোষ্ঠী লোকসকলৰ নায্য প্রাপ্তিৰ দাবীৰে সংগ্ৰাম কৰি আহিছে। ছাত্ৰ সন্থাই জনগোষ্ঠীটোক শৈক্ষিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অবিৰতভাৱে চেষ্টা কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ দুয়োটা সংগঠনকে চাহ জনগোষ্ঠীৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রী শর্মাই অসম বিধানসভাত অহা ২৫ নৱেম্বৰত চাহ জনজাতিৰ লোকসকলৰ সুবিধার্থে এখন বিধেয়ক উত্থাপন কৰা হ’ব বুলি উল্লেখ কৰি কয় যে, এই বিধেয়কৰ জৰিয়তে চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি চাহ শ্রমিকক দিয়াৰ ব্যৱস্থা কৰা হ’ব। অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ শিক্ষাৰ্থীসকলৰ বাবে ৪ খনকৈ আসন সংৰক্ষণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
মুখ্যমন্ত্রী ড° শৰ্মাই অহা বছৰৰ জানুৱাৰীত চাহ বাগিচা অঞ্চলত এশখন নতুন হাইস্কুল স্থাপন কৰা হ’ব বুলিও প্ৰকাশ কৰে। বিগত ৭৫ বছৰত চাহ বাগিচা অঞ্চলসমূহত প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে, উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ এনে অঞ্চলসমূহত ১১৫ খন এনে বিদ্যালয় স্থাপন কৰা হৈছে।