November 3, 2025 6:55 PM | Award

printer

অসম প্ৰকাশন পৰিষদৰ ২০২৫ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান

অসম প্ৰকাশন পৰিষদে ২০২৫ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান কৰিছে। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্য গ্ৰন্থৰ মাজৰ পৰা বাছনি লাভ কৰা গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক এই বঁটাৰে সন্মানিত কৰা হ’ব। পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ে প্ৰকাশ কৰি কয়, যে এই বঁটা লাভ কৰা গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্ৰকাশকক ৩ লাখ টকাৰ সৈতে মানপত্র দিয়া হ’ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব। আবেদন প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ দুটা কপি অহা ২০ নৱেম্বৰৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। ডাকযোগে প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ চাৰিটা কপি প্ৰেৰণ কৰিব পাৰিব অথবা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত নিৰ্ধাৰিত তাৰিখৰ ভিতৰত জমা দিব লাগিব। প্রয়োজনীয় প্ৰ-পত্ৰ অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটত পোৱা যাব।