অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত আজিৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰি গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যুৱ লেখক সন্মান ২০২৫ লাভ কৰা ৰাজ্যৰ ৪০ বছৰ অনুৰ্দ্ধ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাক সম্বর্ধনা জনায়। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক-লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন লেখক লেখিকাসকলক এই সন্মান প্রাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিশ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে। গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ড° ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত আয়োজিত অনুষ্ঠানটো বিশিষ্ট লেখক সুমন্ত চলিহাই সঞ্চালনা কৰে।
ইপিনে বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ ড° দীপক কুমাৰ বৰকাকতিলৈ ২০২৫ বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে।
Site Admin | December 24, 2025 8:10 PM | Assam Book Fair 2025
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা অসম গ্ৰন্থমেলা