ডাউনলোড
মোবাইল এপ

android apple
signal

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ১১ দিনীয়াকৈ গুৱাহাটী শিশু মহোৎসৱ

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা ভালেমান কার্যসূচী গ্রহণ কৰা হৈছে। পুৱাৰ ভাগত যোগাসনৰ প্ৰশিক্ষণেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত আজিৰেপৰা বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক সমল ব্যক্তিৰূপে লৈ শিশুসকলৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কেইবাটাও অনুষ্ঠান ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। ১১ দিনীয়াকৈ আয়োজন কৰা এই মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত শিশু গ্রন্থ মেলাত বিভিন্ন প্রকাশন গোষ্ঠীৰ শিশু উপযোগী গ্ৰন্থ ৰেহাই মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিদিনে বিয়লি ৪ বজাত শিশু চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ মুকলি থাকিবলগীয়া এই মহোৎসৱৰ থলীত গাড়ী ৰখোৱাৰ বাবেও উদ্যোক্তাসকলে ব্যৱস্থা গ্ৰহণ কৰিছে।
কালি মহোৎসৱৰ প্ৰথমদিনা পশ্চিমবংগৰ বিশিষ্ট লেখক-সাহিত্যিক তথা শিশু আলোচনী আনন্দমেলাৰ সম্পাদক সিজাৰ বাগ্‌ছি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণত শ্ৰী বাগ্‌ছিয়ে কয়, যে শিশু মহোৎসৱ যথাৰ্থতে এটি অভিনৱ কার্যসূচী। গ্রন্থমেলা তথা শিশু উপযোগী বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আয়োজন কৰা এই অনুষ্ঠান ভৱিষ্যতৰ বাবে সুফলদায়ক হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ড° শান্তনু তামুলীয়ে কয়, যে শিশুসকল একোটা ফুলৰ কলিৰ দৰে আৰু তেওঁলোকক নিজৰ নিজৰ ৰং-ৰূপ আৰু বুদ্ধিমত্তাৰে জাতিস্কাৰ কৰাটো সমাজৰ নৈতিক দায়িত্ব। পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই মহোৎসৱৰ উদ্দেশ্য ব্যাখ্যা কৰি কয়, যে অসম প্ৰকাশন পৰিষদে শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাট মুকলি কৰাৰ উদ্দেশ্যে প্ৰথমবাৰলৈ গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত নাটক, নৃত্য, মুকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত কালি প্রথমদিনাই শতাধিক শিশুৱে অংশগ্ৰহণ কৰে। বিশিষ্ট মুকাভিনয় শিল্পী ময়নুল হক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা শিল্পী কমল নাথ, নাট্যকাৰ পৰিচালক ৰবিজিতা গগৈ, নাট্যশিল্পী ৰাজীৱ কুমাৰ সাউদ, সুকুমাৰ কলাৰ বিশিষ্ট শিল্পী দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকাৰ লগতে নৃত্য শিল্পী প্রিয়ংকা কাশ্যপে কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি শিশুসকলক নিৰ্দিষ্ট বিষয়ৰ শিক্ষাদান কৰে।

অধিক পঢ়ক

সকলো চাওক