ডাউনলোড
মোবাইল এপ

android apple
signal

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ‘গুৱাহাটী শিশু মহোৎসৱ’

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কালি আৰম্ভ হোৱা গুৱাহাটী শিশু মহোৎসৱত পশ্চিমবংগৰ বিশিষ্ট লেখক-সাহিত্যিক তথা শিশু আলোচনী আনন্দমেলাৰ সম্পাদক সিজাৰ বাক্সি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণত শ্ৰী বাক্সিয়ে কয়, যে শিশু মহোৎসৱ যথাৰ্থতে এক অভিনৱ কাৰ্যসূচী। গ্রন্থমেলা তথা শিশু উপযোগী বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আয়োজন কৰা এই অনুষ্ঠান ভৱিষ্যতৰ বাবে সুফলদায়ক হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ড০ শান্তনু তামুলীয়ে কয়, যে শিশুসকল একোটা ফুলৰ কলিৰ দৰে আৰু তেওঁলোকক নিজৰ নিজৰ ৰং-ৰূপ আৰু বুদ্ধিমত্তাৰে জাতিষ্কাৰ কৰাটো সমাজৰ নৈতিক দায়িত্ব। পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই মহোৎসৱৰ উদ্দেশ্য ব্যাখ্যা কৰি কয়, যে অসম প্ৰকাশন পৰিষদে শিশুসকলৰ সামগ্রিক বিকাশৰ বাট মুকলি কৰাৰ উদ্দেশ্যে প্ৰথমবাৰলৈ গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত নাটক, নৃত্য, মুকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত কালি প্রথমদিনাই শতাধিক শিশুৱে অংশগ্ৰহণ কৰে। বিশিষ্ট মুকাভিনয় শিল্পী ময়নুল হক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা শিল্পী কমল নাথ, নাট্যকাৰ পৰিচালক ৰবিজিতা গগৈ, নাট্যশিল্পী ৰাজীৱ কুমাৰ সাউদ, সুকুমাৰ কলাৰ বিশিষ্ট শিল্পী দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকাৰ লগতে নৃত্য শিল্পী প্রিয়ংকা কাশ্যপে কর্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি শিশুসকলক নিৰ্দিষ্ট বিষয়ৰ শিক্ষাদান কৰে। আজি বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক সমল ব্যক্তিৰূপে আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে এই মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা শিশু গ্রন্থ মেলাত শিশুসকলে বিভিন্ন প্রকাশন গোষ্ঠীৰ শিশু উপযোগী গ্ৰন্থ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক