ডাউনলোড
মোবাইল এপ

android apple
signal

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত জিলা প্ৰশাসন আৰু বন বিভাগৰ ৫খন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত জিলা প্ৰশাসন আৰু বন বিভাগে আজি পাঁচখন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে যদিও নাগালেণ্ডৰ একাংশ লোকে বাধা প্ৰদান কৰাৰ বাবে এই অভিযান বিঘ্নিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে এই অভিযান আৰম্ভ কৰাৰ পাছতে প্রতিবেশী ৰাজ্যখনৰ একাংশ লোকে বাধা দিয়াক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড প্ৰশাসনৰ সৈতে হোৱা আলোচনা মৰ্মে সাময়িকভাৱে এই অভিযান বন্ধ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত দুয়োখন ৰাজ্যৰ সীমামূৰীয়া জিলাৰ আয়ুক্তৰ মাজত আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত আজি প্ৰশাসনে দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই গাঁও কেইখনৰ ৫৭টা পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাত ন্যায়ালয়ে আজি পর্যন্ত তেওঁলোকক সাময়িকভাৱে সকাহ দিছিল।
কালি বন বিভাগে পিঠাঘাট অঞ্চলৰ প্ৰায় ৩০০ বিঘা মাটি দখল কৰি তামোল বাৰী স্থাপন কৰা হাশে আলী নামৰ লোকজনৰ তামোল বাৰী কাটি তহিলং কৰে। পিঠাঘাট অঞ্চলত চৰকাৰে বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিঅ’ ৰিঅ’ৱেও অংশগ্ৰহণ কৰাৰ কথা।
ইপিনে, বিশ্বনাথ জিলা প্রশাসনে জিলাখনৰ ননকে জাপৰিগুৰিৰ ৩০৯ টা পৰিয়ালে দখল কৰি থকা ভূমি আজি দ্বিতীয় দিনৰ বাবে চলোৱা অভিযানৰ দিনৰ ১২ বজাত সামৰণি পৰে। কটকটীয়া নিৰাপত্তাৰ মাজত এই অভিযান চলোৱা হৈছিল যদিও একাংশ উচ্ছেদিত লোকে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অপচেষ্টা চলায়। অৱশ্যে আৰক্ষীয়ে পৰিস্থিত নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়। কালি ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছিল। উল্লেখযোগ্য যে যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো চাৰিটা মণ্ডলত ভাগ কৰা হৈছে। দুটা মণ্ডলত একোজনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। তদুপৰি ছজনকৈ কার্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে।
নগাঁও জিলা প্রশাসনে অহা মাহৰ প্ৰথম সপ্তাহত জিলাখনত দখলকাৰীৰ কবলত থকা ১৯ হাজাৰ ৭০৯ বিঘা ভূমিক উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। জিলাখনৰ আয়ুক্তই এই ভূমিত বসবাস কৰি থকা লোকসকলক অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছে।