অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছেঃ  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি তেওঁ কয়, যে অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে। তেওঁ লগতে কয়, যে প্রধানমন্ত্রী মোদীৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ প্ৰায় আটাইবোৰ উগ্ৰপন্থী গোট শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু কেইবাটাও গোটে অস্ত্ৰ সম্বৰণো কৰিছে। ৰাজ্যখনত শান্তি বিৰাজ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ব্যৱসায় খণ্ডৰ উন্নয়ন ঘটিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ব্যৱসায়ী খণ্ডৰ উন্নয়নৰ ফলত যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। তেওঁ লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্পৰ বাবে তিনি লাখ কোটি টকা যোগান ধৰিব আৰু ইয়াৰ ফলত আন্তঃগাঁথনি খণ্ড শক্তিশালী হৈ উঠিব
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কয়, যে আজিৰ দিনটো ৰাজ্যখনৰ আৰক্ষীৰ বাবে এটা সোণালী দিন আৰু বীৰ লাচিত বৰফুকনলৈ এয়া প্ৰকৃত শ্রদ্ধাঞ্জলি। ৰাজ্য চৰকাৰে দেৰগাঁও পুলিচ একাডেমী চৌহদত আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপনৰো পৰিকল্পনা কৰিছে বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয়, যে পূৰ্বৰ দশকসমূহৰ তুলনাত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছে আৰু অপৰাধৰ হাৰ ৫০ শতাংশৰো অধিক হ্ৰাস পাইছে।

দেৰগাঁৱৰ অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকী আইজললৈ যায়। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় ডেৰশ বছৰ পুৰণি ছাউনীটো আইজল নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখ’ছাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল’য়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি নিশাটো আইজলৰ ৰাজভৱনত কটায়। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ আজি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলত নতুন ফৌজদাৰী আইন তিনিখনৰ ৰূপায়ণ সন্দৰ্ভত অঞ্চলটোৰ আঠোখন ৰাজ্যৰ মুখমন্ত্ৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ’ব।