ডাউনলোড
মোবাইল এপ

android apple
signal

July 26, 2025 11:40 AM | AJYSU

printer

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চতুৰ্বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ধেমাজি অনুষ্ঠিত

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চতুৰ্বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে ধেমাজি জিলাৰ জয়ৰামপুৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীলৈ জননী গৌৰৱ বঁটা আগবঢ়োৱা হয়। পৰিষদৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। ইপিনে, দুদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস কালিৰে পৰা শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলন, ছহিদ তৰ্পণ, সতীৰ্থ স্মৰণ, সাংগঠনিক কর্মশালা আদি অনুষ্ঠিত হয়। এই কৰ্মশালাৰ পিছতেই মুকলি সভা উদ্বোধন কৰা হয়। এই সভাত সংগঠনটোৱে ২০২৫ বৰ্ষৰ বাবে প্ৰাগ নিউজৰ সাংবাদিক উৎপল বৰাক সংবাদজ্যোতি বঁটা প্ৰদান কৰে। মুকলি সভাত মুক্তি জননী শীর্ষক এখন স্মৃতি গ্রন্থ উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।