অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে সমৰ হাজৰিকাক মনোনীত

অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে সমৰ হাজৰিকাক মনোনীত কৰা হৈছে। অহা ফেব্ৰুৱাৰীত হ’বলগীয়া এটা অনুষ্ঠানত শিল্পী বঁটা প্ৰদান কৰা হ’ব। একেদৰে বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰীক ২০২৫ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা, শিক্ষাবিদ ড° অমলেন্দু চক্ৰৱৰ্তীক গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, নাট্যশিল্পী কৰুণা ডেকাক নটসূৰ্য ফণী শৰ্মা বঁটা, চলচ্চিত্র নির্মাতা অৰূপ মান্নাক ভৱেন্দ্ৰ নাথ শ‍ইকীয়া বঁটা আৰু অৱণীৰঞ্জন পাঠকক বিজু ফুকন বঁটাৰে সন্মানিত কৰা হ’ব।

মৰণোত্তৰভাৱে শিল্পী বঁটা লাভ কৰা শিল্পী সমৰ হাজৰিকাই অসমীয়া লোক জীৱনৰ সুখ-দুখ, আশা- আকাংক্ষাক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হাজৰিকাৰ সৃষ্টিসমূহ হৈছে অসমীয়া সংগীত ভাণ্ডাৰৰ অমূল্য সম্পদ।
কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী ধনদা পাঠকে দেশে-বিদেশে লোকগীত পৰিৱেশন কৰি সন্মান অৰ্জন কৰাৰ লগতে এশৰো অধিক কেছেটত কণ্ঠদান কৰিছে।