ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ শিল্পী পেন্সন আৰু বাৰ্ষিক শিল্পী সন্মান প্রাপকসকলক দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰমাণপত্ৰ প্ৰদান

অসম চৰকাৰৰ পৰা ২০২৪-২৫ বৰ্ষৰ শিল্পী পেন্সন আৰু বাৰ্ষিক শিল্পী সন্মান প্রাপকসকলক আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জিলাখনৰ ৭ গৰাকী নিয়মীয়া শিল্পী পেন্সনপ্ৰাপক আৰু ১৪ গৰাকী বাৰ্ষিক শিল্পী পেন্সন সন্মান লাভ কৰা ব্যক্তিক আজি আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিল্পীসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানৰ পাছত জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জিলাখনত বৰ্তমান ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহৰ বিষয়ে অৱগত কৰে।