অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৫,৫৫০ টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা যোৱা নিশা প্ৰকাশ কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩,৮০০ টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া খালী পদত নিযুক্তিৰ বাবে মুঠ ৮,৫৮১ গৰাকী প্ৰাৰ্থীক বাচনি কৰা হৈছে। যোৱা ১০ ছেপ্তেম্বৰত ৪,৩৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন প্ৰাৰম্ভিক মেধা তালিকা প্রকাশ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই মেধা তালিকাৰ ভিত্তিতে চূড়ান্ত তালিকা প্রকাশ পাব। দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকাত মাধ্যম অনুসৰি জিলা ভিত্তিত বাচনি লাভ কৰা চাকৰি প্ৰত্যাশিসকলৰ কাৰ্ট অফ মার্ক সন্নিৱিষ্ট কৰা হৈছে। এই সন্দৰ্ভত ওজৰ-আপত্তি থাকিলে কাইলৈৰ পৰা তিনি দিনলৈ জিলা প্রাথমিক সঞ্চালকালয়ত অভিযোগ দাখিল কৰিব পাৰিব। কাইলৈ শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্রীভূমি আৰু মাজুলী জিলাৰ প্ৰাৰ্থীয়ে অভিযোগ দিব পাৰিব। ২৯ অক্টোবৰত কামৰূপ, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মহানগৰ, ধুবুৰী আৰু দৰং জিলাৰ প্ৰাৰ্থীয়ে ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। একেদৰে ৩০ অক্টোবৰত নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, দক্ষিণ শালমাৰা মানকাচৰ, বৰপেটা আৰু কাছাৰ জিলাৰ প্ৰাৰ্থীয়ে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত দিনৰ ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত অভিযোগ দাখিল কৰিব পাৰিব। সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে চূড়ান্ত মেধা তালিকা প্রকাশ পোৱাৰ লগে লগে দুয়োখন প্ৰাৰম্ভিক মেধা তালিকা স্বয়ংক্রিয়ভাৱে নাকচ হ’ব।
Site Admin | October 26, 2025 12:41 PM | Nijut Moina 2.0
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৫,৫৫০ টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা প্ৰকাশ