অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে। অতিৰিক্ত বিত্তীয় বুজা নোহোৱাকৈ প্ৰয়োজনীয় ব্যৱস্থাৰ যুক্তিসংগত ব্যৱহাৰেৰে প্ৰাথমিক শিক্ষাক উন্নতমানৰ কৰাৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি কামৰূপ জিলাৰ ১০খন, লখিমপুৰৰ ১০খন, শিৱসাগৰৰ ১০খন, বৰপেটাৰ ৬খন, মাজুলিৰ ৭খন, কাছাৰৰ ৫খন, হাইলাকান্দিৰ ৫খন, শ্রীভূমিৰ ৪খন, ডিব্ৰুগড়, গোৱালপাৰা, গোলঘাট, হোজাই, যোৰহাট, নগাঁও আৰু নলবাৰীৰ ৩খনকৈ, বিশ্বনাথ, শোণিতপুৰ আৰু বঙাইগাঁৱৰ দুখনকৈ আৰু দৰং, চৰাইদেউ, ধেমাজি, ধুবুৰী, মৰিগাঁও আৰু তিনিচুকীয়া জিলাৰ এখনকৈ বিদ্যালয়ৰ একত্ৰিকৰণ কৰা হ’ব। বিদ্যালয়সমূহৰ একত্ৰিকৰণৰ পৰিপ্ৰেক্ষিতত কোনো অতিৰিক্ত পদ সৃষ্টি কৰা নহয় বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।
Site Admin | January 3, 2026 6:39 PM | Akashvani News | Assam Education Dept | Assam Govt
অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে