গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চুক্তিৰ বিদেশী নাগৰিক বিতাৰণ সম্পৰ্কীয় দফাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ মাইকেল জাথান খুমা আৰু ন্যায়াধীশ এন উন্নি কৃষ্ণন নায়াক লৈ গঠিত এখন বিচাৰপীঠে অসম চুক্তিৰ আইনী পৰিকাঠামো সত্বেও বিতাড়ন কৰা লোকৰ সংখ্যা কম হোৱাক লৈ উদ্বেগ প্রকাশ কৰি অসম আন্দোলন সংগ্রামী মঞ্চই দাখিল কৰা আবেদনখন খাৰিজ কৰে। বিচাৰপীঠখনে অনুৰূপ বিষয়সম্পৰ্কীয় এটা গোচৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আবেদনখন খাৰিজ কৰে। আবেদনখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় সুৰক্ষিত কৰাত ব্যৰ্থ হোৱা বুলি দাবী কৰিছিল। আবেদনকাৰীসকলে লগতে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে অসম চুক্তি আগ্ৰহেৰে ৰূপায়ণ কৰিব লাগিব বুলি মন্তব্য কৰিছে। আবেদনকাৰীসকলে বিশেষকৈ চিনাক্তকৰণ আৰু বিতাৰণ প্ৰক্ৰিয়াৰ মেৰুদণ্ডস্বৰূপ অসম চুক্তিৰ সংশ্লিষ্ট দফাসমূহ ৰূপায়ণ কৰিবলৈ আবেদন জনাইছিল।
Site Admin | December 7, 2025 11:50 AM | Gauhati High Court
অসম চুক্তিৰ বিদেশী নাগৰিক বিতাড়ন সম্পৰ্কীয় দফাসমূহ ৰূপায়ণৰ দাবীৰে দাখিল হোৱা ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খাৰিজ