ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰণ সন্দৰ্ভত  দিছপুৰত তৃতীয়খন বৈঠক সম্পন্ন

অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়নৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰণ সন্দৰ্ভত কালি দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবর্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ উপস্থিত থাকে। এই বৈঠকতে অসম চুক্তিৰ ছয় নম্বৰ দফাকে ধৰি ৰূপায়ণ হ’বলৈ বাকী থকা কেইবাটাও দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়াৰ বাবে অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত তিনিগৰাকী মন্ত্রীগোট আৰু আছুৰ তিনিজন নেতাকলৈ গঠিত উপ-সমিতিয়ে মুখ্যমন্ত্ৰীক তেওঁলোকৰ চূড়ান্ত প্রতিবেদন দাখিল কৰে। উপ-সমিতিয়ে প্রতিবেদনত ন্যায়াধীশ গৰাকীৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিয়ে আগবঢ়োৱা তথা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কাৰ্যকৰী কৰিব পৰা পৰামর্শ কেইটা নিৰ্ধাৰিত সময়ত কাৰ্যকৰী কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি দিছে। উল্লেখযোগ্য যে বিপ্লব শর্মা সমিতিয়ে দাখিল কৰা ৬৭টা পৰামৰ্শৰ ভিতৰত ৪০ টা ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰে। একেদৰে ১৫ টা কেন্দ্ৰীয় চৰকাৰৰ আৰু ১২টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্রচেষ্টাৰে কাৰ্যকৰী কৰিবলগীয়া হ’ব। এই বৈঠকৰ পাছত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই এখন সংবাদমেলত কয়, যে ৰাজ্য চৰকাৰে এই চুক্তি ৰূপায়ণৰ দিশত গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ ক্ষেত্ৰত এই বৈঠক বিশেষ গুরুত্বপূর্ণ বুলি অভিহিত কৰিব পাৰি। তেওঁ লগতে কয়, যে ৰাজ্য চৰকাৰে ইতিমধ্যে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামর্শসমূহ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু যোৱাবাৰৰ বাজেটত ইয়াৰ বাবে ধনো আৱণ্টন কৰা হৈছে।
ইপিনে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ তথা সংবিধান সংশোধনৰ প্ৰয়োজন হোৱা পৰামৰ্শাৱলী কাৰ্যকৰী কৰণৰ বিষয়টো আলোচনা কৰাৰ বাবে অহা বছৰৰ ৩১ জানুৱাৰীৰ ভিতৰত সংগঠনটোৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাইছে।