অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাও অগনন গ্রন্থপ্ৰেমীৰ সমাগম হয়। গ্রন্থমেলাথলীত আজি গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনা চক্র অনুষ্ঠিত হয়। এইআলোচনাত ভাৰতীয় প্ৰকাশক আৰু গ্ৰন্থ বিক্রেতা সংস্থাৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত তেওঁ সাম্প্ৰতিক সময়ৰ প্ৰযুক্তিয়ে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত মুকলি কৰা সম্ভাৱনাৰ কথা উল্লেখ কৰাৰ লগতে অনুবাদ সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰকাশ কৰে। অনুষ্ঠানত নেচনেল বুক ট্ৰাষ্টৰ অসমীয়া বিভাগৰ সম্পাদক দীপ শইকীয়াই অংশ লৈ গ্ৰন্থৰ ক্ষেত্ৰত সম্পাদনাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। অধ্যাপক গংগাপদ চৌধুৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ পদেষ্টা নবীন বৰুৱা, ক্ষিৰোদ কুমাৰ গোস্বামী, ৬০ বসন্ত কুমাৰ ভূঞা আৰু সদস্য দেৱাশীষ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। সন্ধিয়া পশ্চিমবংগৰ বিশিষ্ট লেখক, ইতিহাসবিদ তথা অধ্যাপক হিন্দোল সেনগুপ্তৰ সৈতে অন্তৰংগ আলাপৰ অনুষ্ঠানটি পৰিচালনা কৰে বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড° সমুদ্র গুপ্ত কাশ্যপ। ইযাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক প্রতিযোগিতা অনুষ্ঠিত হয়। আজি গ্রন্থমেলাথলীত কেইবাখনো গ্রন্থ উন্মোচন কৰা হয়।
Site Admin | December 28, 2024 9:59 PM | Asom Book Fair
অসম গ্ৰন্থমেলাৰ দ্বিতীয় দিনাত অগনন গ্রন্থপ্ৰেমীৰ সমাগম