অসম গ্রন্থ মেলাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাত আজি দিনৰ ২.৩০ বজাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক দুলাল ৰয়ে এই আলোচনা সত্ৰ উদ্বোধন কৰে। নাট্যকাৰ তথা নাট পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰা এই আলোচনা সত্ৰত নাট্যকাৰ কৰুণা ডেকা, নাট পৰিচালক মাণিক আহমেদ, লেখক- নাট সমালোচক সঞ্জীৱ কুমাৰ শৰ্মা, লেখক-অধ্যাপক ড০ মৃণালজ্যোতি গোস্বামী আৰু লেখক তথা শিক্ষণ মহাবিদ্যালয় চিৰাঙৰ অধ্যক্ষ ড০ ছৈয়দা নাছিফা ইছলাম ৰাজবংশী আলোচক অতিথি হিচাপে উপস্থিত থাকে। সন্ধিয়া ৭ বজাৰ পৰা হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ শিশু শিল্পী, চেমনীয়া শাখা, যুৱ বাণী তথা সাধাৰণ শাখাৰ কণ্ঠশিল্পী, ঘোষক, ঘোষিকা, বাতৰি পৰিৱেশকসকলে বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। গ্রন্থমেলাৰ বাকৰিত আজি সন্ধিয়া ওড়িয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথীৰ সৈতে অন্তৰংগ আলাপো অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।