December 27, 2025 12:53 PM | Asom Book Fair

printer

অসম গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হ’ব। বিশিষ্ট সাহিত্যিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে এই সন্মিলন উদ্বোধন কৰিব। লেখক, অনুবাদক তথা জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণি কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া এই সন্মিলন লেখক, সমালোচক আৰু তথ্য আৰু জনসংযোগ বিভাগৰ জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ শান্দিল্যই সঞ্চালনা কৰিব ৷ বিয়লি তিনি বজাত জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্যৰ আলোচনা সত্ৰত ‘আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা সন্দৰ্ভত আলোচনা আৰু সন্ধিয়া পাঁচ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
গ্ৰন্থমেলাৰ কালিৰ দিনটোত অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিওৱা কেশৱ মহন্তৰ ৰচনাৱলী নামৰ পুথিখন উন্মোচন কৰা হয়। বিশিষ্ট অভিধান প্রণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে কয়, যে কেশব মহন্তই গীত আৰু কবিতাক জীবনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি নিৰন্তৰ সাধনাৰে এই দিশত নতুন মাত্রা প্রদান কৰিছিল। ৰচনাৱলীৰ এই প্ৰথম খণ্ডত কেশৱ মহন্তৰ গীত, কবিতা আৰু ১২ খন সংগীতালেখ্য সন্নিবিষ্ট কৰা হৈছিল।