December 30, 2025 7:07 PM | FCI Majuli

printer

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত আজি মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কেন্দ্ৰটো মুকলি কৰে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ২৩৬৯ টকাৰ উপৰি অতিৰিক্ত সাহায্য ২৫০ টকাকৈ আগবঢ়াইছে। সৰ্বমুঠ প্ৰতি কুইণ্টলত ২৬১৯ টকা দৰত ধান ক্রয় কেন্দ্ৰত ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই কেন্দ্ৰটোৱে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰটোৰ জৰিয়তে ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় পঞ্জীয়ন তথা প্রমাণপত্র কৃষি উন্নয়ন বিষয়াসকলৰ পৰা গ্ৰহণ কৰিবলৈ কৃষি বিভাগে ৰাইজক আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।