ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ তেজপুৰ কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনাত ৰাজ্যৰ ৭খন ঠাইৰ লগতে তেজপুৰত স্থাপন কৰা কেন্দ্ৰটোৱে আজি তৃতীয় বছৰত পদার্পণ কৰে। এই উপলক্ষে তেজপুৰ কেন্সাৰ চেণ্টাৰত অনুষ্ঠিত এখন সভাত কেন্দ্ৰটোৰ অধীক্ষক অৱসৰপ্ৰাপ্ত লেফটেনেন্ট কর্নেল ডাঃ সঞ্জীৱ হাজৰিকাই যোৱা দুটা বছৰত কেন্দ্ৰটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ শোণিতপুৰ জিলাৰ লগতে নগাঁও, ওদালগুৰি, দৰং আৰু অৰুণাচল প্ৰদেশৰ ৫,৬৬৫ গৰাকী কৰ্কট ৰোগীয়ে কেন্দ্ৰটোত চিকিৎসাৰ বাবে নাম পঞ্জীয়ন কৰাৰ বিষয়ে প্ৰকাশ কৰে। সভাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা, কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ ভেংকট প্রদীপ বাবু, ডাঃ সঞ্জীৱ কুমাৰ গুপ্তা প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। ইফালে লখিমপুৰ কৰ্কট চেণ্টাৰৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ প্ৰেক্ষাগৃহত স্তন কৰ্কট ৰোগৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে কৰ্কট ৰোগ প্ৰতিৰোধ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁলোকে প্রাথমিক পৰ্যায়তে এই ৰোগৰ চিকিৎসা গ্ৰহণ কৰিলে কৰ্কট ৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পৰা যায় বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে কর্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰা দুগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়।