ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা  বেঙুনীয়া চাউল লাৱণ্যৰ -PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে

অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা বেঙুনীয়া চাউলৰ উচ্চ উৎপাদনক্ষম এটা জাত লাৱণ্য, শেহতীয়াকৈ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষক অধিকাৰ প্ৰাধিকৰণ-PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কয়, যে পৰম্পৰাগত ক’লা চাউলক পুষ্টিগতভাৱে অধিক চহকী কৰি দৈনিক ব্যৱহাৰ আৰু বাণিজ্যিকভাৱে খেতি কৰাৰ বাবে উপযোগী কৰি তোলা হৈছে। উল্লেখযোগ্য যে প্রতি হেক্টৰ কৃষিভূমিত ৪.৫ৰ পৰা ৫ টন পর্যন্ত এই ধান উৎপাদন কৰিব পৰা যাব। সুগন্ধীযুক্ত এইবিধ চাউল ৰান্ধিবলৈ সহজ বাবে ই নিয়মীয়াকৈ ব্যৱহাৰৰ বাবে অধিক উপযোগী বুলিও বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰিছে। লাৱন্য নামৰ এইবিধ বেঙুণীয়া চাউলত এণ্টি অক্সিডেণ্ট, এমিন’ এচিড, ফ্লেভনইড আৰু খনিজ পদার্থ অধিক পৰিমাণে উপলভ্য। পৰম্পৰাগত সুস্বাদু খাদ্য-সামগ্ৰীৰ লগতে বেকাৰী সামগ্ৰীৰ প্ৰস্তুতৰ বাবেও এই চাউল অতি উপযোগী। গ্লুটেনমুক্ত এইবিধ চাউলৰ পিঠাগুড়িও অতি স্বাস্থ্যসন্মত বুলি বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।