কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত আঞ্চলিক কৃষক মেলা ২০২৫ আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষিমন্ত্ৰী শ্ৰীবৰাই লগতে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষক, কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। কৃষি খণ্ডলৈ অহা জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানকে ধৰি মাটি, পানীকে ধৰি পৰিবেশ সংক্রান্তীয় আন সমস্যাসমূহ নেওচি কৃষি খণ্ডৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলত কৃষিভিত্তিক অর্থনীতি শক্তিশালী কৰাৰ ওপৰতো কৃষিমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৃষি বিশ্ববিদ্যালয়খনৰ উদ্ভাৱনী চিন্তা আৰু গৱেষণাৰো তেওঁ পোষকতা কৰে। ভাষণ প্ৰসংগত তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন কল্যানকামী পদক্ষেপ আৰু কৃষিখণ্ডৰ সম্ভাৱনাৰ বিভিন্ন দিশ আলোকপাত কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ টাছা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড° বিদ্যুৎ চন্দন ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Site Admin | January 4, 2025 7:42 PM | Krisak Mela 2025
অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষক মেলা ২০২৫ মুকলি
