অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি বিয়লি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ বিষয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দুয়োখন ৰাজ্যৰ পাহাৰ খনন সম্পৰ্কত দুয়োখন ৰাজ্য চৰকাৰকে দিয়া জাননী সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত ২০২২ চনৰ ২৭ মাৰ্চত অনুষ্ঠিত বৈঠকত ৰাজ্য দুখনৰ মাজৰ বিবদমান ৬টা বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্রীদ্বয় সন্মত হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ২০২৩ চনৰ ২৪ মে’ত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয় পুনৰ বৈঠকত মিলিত হৈছিল আৰু অসম আৰু মেঘালয়ৰ মাজৰ ৮৮৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ বাকী থকা সমস্যাসমূহ সমাধানৰ বাবে আলোচনা চলাই যাবলৈ দুয়োগৰাকী মুখ্যমন্ত্ৰী সন্মত হৈছিল। অসমৰ ৰাণী ৰাজহ চক্ৰৰ অন্তৰ্গত লাম্পী খণ্ডত দুয়ো ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
Site Admin | June 2, 2025 9:18 PM | Akashvani News | Chief Minister Himanta Biswa Sarma | CMO Assam | Conrad Sangma | Meghalaya
অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনা
