কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে বিশেষ পেকেজৰ অধীনত ৪ হেজাৰ ২৫০ কোটি টকা আৱণ্টনত অনুমোদন জনাইছে। ৰাজ্যখনৰ আদিবাসী বসতিপ্ৰধান গাওঁসমূহৰ উন্নয়নৰ বাবে মন্ত্ৰীসভাই ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। একেদৰে আলফা আৰু চৰকাৰৰ মাজত হোৱা চুক্তিমৰ্মে ৰাজ্যখনৰ উন্নয়নৰ বাবে ৩ হাজাৰ কোটি টকাৰ পেকেজত মন্ত্ৰীসভাই অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে ডিমা হাচাও জিলাৰ উন্নয়নৰ বাবেও পৃথকে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰি হৈছে। একেদৰে ত্ৰিপুৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজিৰ অধীনত ২৫০ কোটি টকা আৱণ্টন দিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী উজলা যোজনাৰ হিতাধিকাৰীসকললৈ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ১২ হাজাৰ কোটি টকা ৰাজসাহায্য প্ৰদানৰ অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ১০ কোটি ৩৩ লাখৰো অধিক পৰিয়াল উপকৃত হৈছে। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীলৈ মন্ত্ৰীসভাই ৩০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণত অনুমোদন দিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৩ টা ৰাজহুৱা খণ্ডৰ তৈল বিপনন কোম্পানী আই অ’ চি এল, বি পি চি এল আৰু এইচ পি চি এললৈ এই ধনৰাশি আৱণ্টন দিয়া হ’ব। তদুপৰি কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে ৪ হাজাৰ ২০০ কোটি টকা আৱণ্টনতো মন্ত্ৰীসভাই অনুমোদন জনায়।
Site Admin | August 8, 2025 7:27 PM | Cabinet Decesion
অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে ৪,২৫০ কোটি টকা আৱণ্টনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন
