অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক আজি নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰে ।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পূৰ্বে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ ঠাইত বৰ্তমানলৈ ১ লাখ ৪০ হাজাৰ নিবনুৱা যুৱক- যুৱতিক চাকৰি দিয়া হ’ল বুলি উল্লেখ কৰি তেওঁ এই সন্দৰ্ভত বিৰোধী পক্ষৰ সমলোচনাকো কটাক্ষ কৰে। অহা দুদিনৰ ভিতৰত পুনৰ ৫ হাজাৰ পদৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়। তিনি বছৰত মেধাৰ ভিত্তিত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে চৰকাৰী চাকৰি লাভ কৰিছে বুলি তেওঁ কয়। নতুন আৰক্ষীৰ আইনমতে কাম কৰা অসম প্ৰথমখন ৰাজ্য বুলিও তেওঁ ভাষণত উল্লেখ কৰে।
উল্লেখযোগ্য যে আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫,৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ৫,০১০ গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে অসম আৰক্ষী অনাতাঁৰ সংগঠন, ৩৬১ গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, ২১ গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, ১২ গৰাকীয়ে কাৰাগাৰ আৰু তিনিগৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত ৩ শতাংশ পদত বাছনি লাভ কৰা ১২০ গৰাকী প্ৰাৰ্থীক অহা ৮ ডিচেম্বৰত পৃথকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। ৫,৫৫০ গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰিছে।
Site Admin | December 3, 2025 8:17 PM | Assam New Appointment
অসম আৰক্ষী, গৃহ বিভাগৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান