December 2, 2025 8:05 PM | appointment letters

printer

অসম আৰক্ষী আৰু গৃহ বিভাগৰ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি-পত্ৰ

অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কাইলৈ দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫ হাজাৰ ৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ৫ হাজাৰ ১০গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে অসম আৰক্ষী অনাতাঁৰ সংগঠন, ৩৬১ গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, ২১ গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, ১২ গৰাকীয়ে কাৰাগাৰ আৰু তিনিগৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত ৩ শতাংশ পদত নির্বাচিত ১২০গৰাকী প্ৰাৰ্থীক অহা ৮ ডিচেম্বৰত পৃথকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। ৫ হাজাৰ ৫৫০ গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰিছে।