ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়াক বদলি

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এটা নির্দেশ যোগে অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়া বদলি কৰিছে। এই অনুসৰি শ্ৰীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসক কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অর্থাৎ এছ এছ পি হিচাপে বদলি কৰা হৈছে। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক অনুৰূপ পদত শ্ৰীভূমি জিলালৈ বদলি কৰা হৈছে। কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱাশীষ বৰাক ধুবুৰীৰ এছ এছ পি হিচাপে আৰু কাছাৰৰ এছ এছ পি নোমল মাহাত্তাক কোকৰাঝাৰৰ এছ এছ পি হিচাপে বদলি কৰা হৈছে। কোকৰাঝাৰৰ অনুৰূপ দায়িত্বত থকা পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ আৰু কাৰ্বি আলঙৰ এছ এছ পি সঞ্জীৱ কুমাৰ শ‍ইকীয়াক কামৰূপলৈ বদলি কৰা হৈছে। একেদৰে শিৱসাগৰৰ এছ এছ পি শুভ্রজ্যোতি বৰাক যোৰহাটলৈ আৰু যোৰহাটৰ এছ এছ পি শ্বেতাংগ মিশ্রক কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে। গুৱাহাটীৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত সম্ভৱী মিত্ৰক গুৱাহাটী মধ্য আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাক দুৰ্নীতি নিবাৰক শাখাৰ এছ এছ পি হিচাপে নিযুক্তি দিয়া হৈছে।