ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত হৈছে। ৰাজ্যখনত বিগত বৰ্ষৰ ২১ মাৰ্চৰ পৰা চলিত বৰ্ষৰ ২০ মাৰ্চলৈ কেইবাটাও অভিযানত সফলতা লাভ কৰাৰ স্বীকৃতিস্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ চাৰিজন শীৰ্ষ আৰক্ষী বিষয়ালৈ এই সন্মান প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰে। স্পেচিয়েল টাস্ক ফৰ্চৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক, লেন্স নায়ক হেমন্ত কছাৰী আৰু কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্ত কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদকৰ বাবে নিৰ্বাচিত হৈছে। ইপিনে এটা হত্যাকাণ্ডৰ গোচৰত সফলতা অৰ্জন কৰাৰ সুবাদত কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্রত কুমাৰ সেন আৰু শিলচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিংহ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদকৰ বাবে নিৰ্বাচিত হৈছে। এই সন্মান লাভ কৰা আটাইকেইজনক আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে অভিনন্দন জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।