অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কনিষ্টবল পদত থকা স্থগিতাদেশ প্রত্যাহাৰ কৰাৰ পাছত আজি ৫ হাজাৰ ৬১৪টা পদৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ আনুষ্ঠানিক ৱেবছাইট SLPRB ASSAM.IN আপলোড কৰা হৈছে। ইপিনে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে কালি ৭ হাজাৰ ৬৫০টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ফলাফলত উত্তীর্ণ প্রার্থীসকলে ৫০ টা বিভাগত নিযুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত কৃষি বিভাগত সর্বাধিক এহেজাৰ ৮৫০ টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৮৭৩ টা আৰু বিদ্যালয় শিক্ষা বিভাগত ৫৮১ টা পদ খালী আছে।
তৃতীয় বৰ্গৰ পদৰ ফলাফলৰ লগতে অসম আৰক্ষীৰ ৬২৫ টা পদৰ ফলাফলো কালি ঘোষণা কৰা হয়।
ইপিনে, স্বাস্থ্য বিভাগে কাইলৈ ৩ হাজাৰ ৬৯৮টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ এই পদসমূহৰ ফলাফল ঘোষণাৰে স্বচ্চ নিযুক্তিৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন হ’ব বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
Site Admin | October 11, 2025 7:33 PM | Assam Police Exam Result
অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা
