অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত আজি ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হয়। ৫১১ গৰাকী ছাত্ৰ-ছাত্ৰী এই বাছনি পৰীক্ষা অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এই পদক্ষেপ বিষয়ে ঘোষণা কৰিছিল। ইয়াৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা বাছনিপ্ৰাপ্ত প্ৰাৰ্থীসকলক বিনামূলীয়া প্রশিক্ষণ প্ৰদান কৰা হ’ব। নতুন দিল্লীৰ প্রতিষ্ঠিত শৈক্ষিক প্রতিষ্ঠানে এই প্রশিক্ষণ প্রদান কৰিব। আজি ৰাজভৱনৰ উদ্যোগত তথা সংশ্লিষ্ট জিলাকেইখনৰ প্ৰশাসনৰ সহযোগত এই বাছনি পৰীক্ষা অনুষ্ঠিত হয়।