ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসমৰ ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে বানৰ কবলত

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বানত আজি শ্রীভূমি জিলাত এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৰাজ্যখনত বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪৩ টা আশ্রয় শিবিৰত ছহেজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰি আছে। ৰাজ্যখনৰ নদীসমূহ বৰ্তমান বিপদসীমাৰ তলেৰে বৈ আছে আৰু এই পর্যন্ত কতো ভূমিস্খলন হোৱা নাই।