অসমৰ ৭০ শতাংশৰো অধিক লোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে, খাদ্য সুৰক্ষা কাৰ্যসূচী ত্বৰান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

অসমৰ ৭০ শতাংশৰো অধিক লোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে, খাদ্য সুৰক্ষা কাৰ্যসূচী ত্বৰান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈ অধিক লোকৰ পুষ্টিৰ দিশত গুৰুত্ব আৰোপ কৰি এই অভিযান অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ জানুৱাৰীত ৪২ লাখতকৈ অধিক হিতাধিকাৰী অন্তৰ্ভুক্তিৰে অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নিৰ্ধাৰিত হিতাধিকাৰীৰ সংখ্যা ২ কোটি ৯১ লাখ ৮৯ হাজাৰৰো অধিক বুলি তেওঁ জানিবলৈ দিয়ে। এই হিতাধিকাৰীসকলৰ ৯৮ শতাংশই প্ৰতিমাহে চৰকাৰে যোগান ধৰা বিনামুলীয়া খাদ্য সামগ্ৰী সংগ্ৰহ কৰি আহিছে। ৰৈ যোৱা বাকী লোকসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওতালৈ অনাৰ বাবে ১২৬ টা সমষ্টিত নতুন হিতাধিকাৰীক তালিকাভুক্ত কৰাৰ অভিযান আৰম্ভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নতুনকৈ তালিকাভুক্ত সকলো হিতাধিকাৰীক অগ্ৰাধিকাৰযুক্ত পৰিয়ালশ্ৰেণীত সংযোজন কৰা হব। অহা নৱেম্বৰ মাহত সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।