December 2, 2025 9:55 PM | sansad six shedule

printer

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোও কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ আজি ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত পৰহিলৈ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হ’ব। এই আলোচনা কালত জনজাতীয় সংগঠনসমূহৰ ওজৰ-আপত্তিসমূহ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ইয়াৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব।

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তত প্রতিবাদী কাৰ্যসূচী অব্যাহত আছে। মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচৰাজবংশীসকলক জনজাতিকৰণৰ বাবে পৰামৰ্শ আগবঢ়াই প্ৰস্তুত কৰা এই প্ৰতিবেদনৰ বিৰুদ্ধে আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন ভালদৰে নপঢ়াকৈ একাংশই প্রতিবাদী কাৰ্যসূচী চলাই আছে বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয়, যে এই প্ৰতিবেদনত সকলোৰে সুবিধা হোৱাকৈ ব্যৱস্থা ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে।

মন্ত্ৰী পীযূষ হাজৰিকাই এই প্রতিবেদনক লৈ কোনো দল-সংগঠন অসন্তুষ্ট নহয় বুলি মন্তব্য কৰে।