ভাৰতীয় সেনা বাহিনীয়ে অসমৰ ৪ খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাওঁ আৰু মৰিগাওঁত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা ২২ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ’ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীয়ে ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.in ৰ পৰা নিজৰ প্ৰবেশ পত্র ডাউনলোড কৰিব পাৰিব। বাচনি হৈও প্রবেশপত্র লাভ নকৰা বা যিকোনো ওজৰ আপত্তিৰ বাবে প্ৰাৰ্থীয়ে ইমেইল আৰু ফোন কৰিব পাৰিব। উল্লেখযোগ্য যে ২০২৫ চনৰ জুন-জুলাই মাহত অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইনযোগে সাধাৰণ প্ৰবেশ পৰীক্ষা অনুষ্ঠিত হৈছিল।
Site Admin | January 16, 2026 8:09 PM | Agniveer Appointment
অসমৰ ৪ খন জিলাত অগ্নিবীৰত সূচীভুক্ত প্ৰাৰ্থীৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা