অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অসম বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয়, যে বৰ্তমান ৰাজ্যখনৰ চাহ বাগিছাসমূহত ১১৮ খন আদর্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদর্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে ৮৭ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু ৩১ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা হৈছে বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
ইপিনে, উদ্যোগ, বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই দ্বিতীয় এডভান্টেজ আছামত দেশী-বিদেশী বিনিয়োগকাৰীৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত কয়, যে এই শীর্ষ সন্মিলনত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে ২৯৭ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইতিমধ্যে ইয়াৰে ৭০ খন বুজাবুজিৰ চুক্তি কাৰ্য্যকৰী হৈছে।