যোৱানিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বর্ষীয়ান সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটী নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীযূষ হাজৰিকাই শেষকৃত্যথলীত উপস্থিত হৈ শ্রদ্ধা নিবেদন কৰে। ইয়াৰ আগেয়ে তেওঁৰ নশ্বৰদেহ আজি পুৱাৰ ভাগত কর্মস্থল দি আছাম ট্ৰিবিউন চৌহদত ৰখা হয়। ইয়াতেই গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্রদ্ধা তৰ্পণ কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বর্ষীয়ান সাংবাদিকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে সংবাদ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱা চিৰস্মৰণীয় হৈ ৰ’ব। শ্রীমোদীয়ে লগতে অসমৰ প্ৰগতি তথা ৰাজ্যখনৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ দিশত সাংবাদিকগৰাকীৰ একনিষ্ঠ সেৱাৰ কথা সোঁৱৰে। প্ৰধানমন্ত্ৰীয়ে বৰুৱাৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে দীর্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই ২০১৮ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ জগতৰ অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিল ।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি বিভিন্নজনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।