অসমৰ বিলুপ্তপ্ৰায় খাময়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰৰ ফাউণ্ডেচনে বিশেষ পদক্ষেপ লৈছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে তিনিওটা ভাষাত উপলভ্য তথ্যসমূহ অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীৰ গৱেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব পাৰিব। তেওঁ কয় যে ১০ হাজাৰতকৈও কম লোকে ব্যৱহাৰ কৰা আৰু ইউনেস্কোৱে বিপন্ন ভাষা হিচাপে তালিকাভুক্ত কৰা তিনিটা ভাষা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছিল। সংবাদমেলত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই কয় যে অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ অংশ হিচাপে ছাত্ৰ সন্থাৰ সৈতে নন্দ তালুকদাৰ ফাউণ্ডেচনৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হৈছিল। যোৱা বছৰৰ ২২ এপ্ৰিলত স্বাক্ষৰিত চুক্তিৰ জৰিয়তে ৰাজ্যখনৰ বিলুপ্তপ্ৰায় ভাষাসমূহৰ উপলভ্য আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
Site Admin | January 20, 2026 6:33 PM | aasu samijjal
অসমৰ বিলুপ্তপ্ৰায় খাময়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ বিশেষ পদক্ষেপ