ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 8, 2024 9:03 PM | Bhupen hazarika

printer

অসমৰ বিভিন্ন প্ৰান্তত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জয়ন্তী পালন

বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। মানৱতাৰ জয়গান গোৱা তেজস্বী কণ্ঠৰ অধিকাৰী শিল্পীগৰাকীৰ সংগীতে অসমৰ লগতে দেশে-বিদেশৰ অগণন জনতাক আজিও মুগ্ধ কৰি ৰাখিছে। কিংবদন্তী শিল্পীগৰাকীয়ে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে অসমীয়াৰ উপৰি বঙালী, হিন্দী, ইংৰাজী আৰু অন্য ভাৰতীয় ভাষাৰ গীততো কণ্ঠদান কৰিছিল। ড° হাজৰিকাই সমকালীন সমাজৰ সংস্কৃতি, জীৱন প্ৰৱাহ, ৰাজনীতি, দুৰ্নীতি, মানৱ জীৱনৰ প্ৰেম-ভালপোৱা, অনুৰাগকে ধৰি প্ৰতিটো আৱেগক অনন্য ৰূপত মূৰ্ত কৰি তুলিছিল। শিল্পীগৰাকীৰ কায়িকভাৱে অবৰ্তমানতো এতিয়াও তেওঁৰ সৃজনীৰাজি বিশ্বৰ সন্মুখত অসমৰ বাবে এখন সম্ভ্রান্ত দুৱাৰ স্বৰূপ হৈ আছে। শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি জনসাধাৰণে শ্রদ্ধা তৰ্পণ কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে আজি পুৱা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত জালুকবাৰীৰ সমাধিস্থলীত স্মৃতি তৰ্পণ কৰা হয়। এই অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বৰাই বৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰি কয় যে ড° হাজৰিকাৰ সৃষ্টিৰাজিয়ে সদায়ে গণজীৱনক সমৃদ্ধ কৰি আহিছে। তেওঁৰ জীৱন বোধত নিহিত হৈ থকা সমলসমূহক লৈ অধিক চিন্তা-চৰ্চা আৰু গৱেষণাৰ থল আছে বুলিও শ্ৰী বৰাই কয়। শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি সমাধিস্থলীত সর্বধর্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত শিল্পী কমল কটকী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা ড° ভাৰতী ভড়ালীয়ে ভাষণ দিয়ে। আনহাতে, শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস অনুষ্ঠিত হৈছে। আজি পুৱাৰ ভাগত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিৱসৰ মূল পতাকা উত্তোলন কৰাৰ সমান্তৰালভাৱে ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে ৯৯ খন পতাকা উত্তোলন কৰে। সদৌ অসম ছাত্ৰ সন্থায়েও শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে দীঘলীপুখুৰী পাৰত ‘উদ্দীপনা’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। দীঘলীপুখুৰী পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত সন্ধিয়া ৬ বজাৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম সাহিত্য সভাইও গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সাহিত্যসভাৰ প্ৰশাসনীয় কাৰ্যালয়ৰ চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। শোণিতপুৰ জিলা প্ৰশাসন আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘চাতক’ৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পগৰাকীৰ জন্মদিন পালন কৰা হয়। গোলাঘাট জিলাতো আজি ড° ভূপেন হাজৰিকাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হয়। শিৱসাগৰতো আজি দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ আৰু শিৱসাগৰ প্ৰেছ ক্লাবে যুটীয়াভাৱে শিল্পীগৰাকীৰ জন্মদিনৰ কাৰ্যসূচী গ্ৰহণ কৰে। নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আজি কিংবদন্তী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইপিনে, চিৰাং জিলাত বিজনী মহকুমা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আৰু বিজনী লেখিকা সমাৰোহৰ শাখা সমিতিৰ সহযোগত শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হয়। কোকৰাঝাৰ আৰু ধুবুৰী জিলাতো আজি এই উপলক্ষে দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যৰ অন্যান্য জিলাসমূহতো আজি অগণন লোকে বিশ্ববৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। এইগৰাকী শিল্পীয়ে গীতেৰে কথাৰে, প্ৰমূল্যৰে দিয়া মানৱতাৰ বাণী ভৱিষ্যত প্ৰজন্মৰ বাবে পাথেয় হৈ ৰ’ব ।