অসমৰ বিভিন্ন জিলাত সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ

দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্রস্তাবনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন আলোচনা আৰু কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়। অসমতো আজি সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

যোৰহাট আৰক্ষীয়ে আজি সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰাৰ লগতে নাগৰিকৰ প্ৰতি ন্যায় আৰু নিষ্ঠাৰে দায়িত্ব পালনৰ সংকল্প লয়। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ মুখ্য কাৰ্যালয়ত অনুসুচীত জাতি মৰ্চা জিলা সমিতিৰ সহযোগত আজি সংবিধান দিৱস পালন কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলাৰ ভৱানীপ্রসাদ বৰুৱা সোঁৱৰণি মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ বাৰিন্দ্ৰ দাসে মুখ্য বক্তা হিচাপে ভাষণ আগবঢ়ায়।

কামৰূপ জিলাৰ শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত আজি ৭৬ সংখ্যক ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়।

গোৱালপাৰা জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সংবিধানৰ প্ৰস্তাৱনা আনুষ্ঠানিকভাবে পাঠ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আযোজিত অনুষ্ঠানত জিলাখনৰ আয়ুক্ত প্রদীপ টিমুডে বন্তি প্রজ্বলন কৰি সংবিধানৰ প্ৰণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। সংবিধান দিনৱস উপলক্ষে আজি বজালী জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা স্নাতক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা জিলাতো আজি সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত সংবিধান দিৱস পালন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।