বজালী জিলাত পাঠশালা সাহিত্য সভা আৰু বজালী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি কথিত ভাষাতো অসমীয়া শব্দৰ শুদ্ধ ৰূপৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোৰ প্ৰসাৰ আৰু প্ৰচাৰত সহায় কৰিব যদিও প্ৰতিজন অসমীয়াই ভাষাটোৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে হাত উজান দিলেহে এই স্বীকৃতিৰ সঠিক ৰূপায়ণ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানটোত ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই অহা অঞ্চলটোৰ ৪ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । বাক্সা জিলাতো ভাষা গৌৰৱ সপ্তাহ সদৰ জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষা সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। একেদৰে তামুলপুৰ জিলাতো ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়াসকলক সম্বর্ধনা জনোৱা হয়। গোৱালপাৰা জিলাত নটসূৰ্য ফণী শৰ্মা ভৱনত আয়োজিত অনুষ্ঠানত অধ্যাপক আৰু ভাষাবিদ ড° লক্ষী হাজৰিকাই অসমীয়া ভাষাৰ ঐতিহ্য উৎস আৰু বিকাশ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। কাৰ্বি আংলং জিলাতো ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অসমীয়াৰ লগতে কাৰ্বি ভাষাৰ ব্যুৎপত্তি সাধনৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা ৰংবং টেৰাঙকে ধৰি বিশিষ্ট সাহিত্যিক সকলক সম্বৰ্ধনা জনোৱা হয়। একেদৰে গোলাঘাট, মাজুলী, শিৱসাগৰ, দৰং, তিনিচুকীয়া, মৰিগাঁও, শোণিতপুৰ আৰু নলবাৰী জিলাতো ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক আৰু ভাষাবিদসকলক সম্বর্ধনা জনোৱা হয়। তিনিচুকীয়া জিলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্রম মন্ত্ৰী সঞ্জয় কিষাণে ভাষাৰ বিকাশে জাতি এটাৰ উন্নতিৰ বাৰ্ট নিৰূপণ কৰে বুলি মন্তব্য কৰে। গোলাঘাট জিলাৰ বীৰাংগনা সতিসাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্রহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে সুৱদী সুৰীয়া অসমীয়া ভাষাটো জগৎ সভাত স্ব-মর্যাদাৰে মহিমামণ্ডিত ৰূপত বন্দিত হৈ থাকিবলৈ ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে সহায় কৰিব। চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত উপস্থিত থাকি কেবিনেট মন্ত্রী যোগেন মহনে ২২ গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনায়। উল্লেখযোগ্য যে চতুর্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্ৰুপদী অসমীয়া শীৰ্ষক গ্রন্থ নাগৰিকৰ মাজত বিতৰণ কৰা হ’ব। ইয়াৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক লাখ নাগৰিকৰ জৰিয়তে কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ কৰাৰ কাৰ্যসূচীও আজিৰপৰা আৰম্ভ কৰা হৈছে।
Site Admin | November 3, 2024 7:54 PM | Bhasha Gourav Saptah of Assam Govt.
অসমৰ বিভিন্ন জিলাত ভাষা গৌৰৱ সপ্তাহ উদযাপন
