ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 19, 2024 1:01 PM | Weather

printer

অসমৰ বিভিন্ন  অঞ্চলত অহা দুই-তিনি দিনলৈ ধুমুহা-বতাহৰ লগতে বৃষ্টিপাতৰ সম্ভাৱনা

ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা দুই-তিনি দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কোনো অঞ্চলত ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকণি আৰু ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে উত্তৰ-পূব অসম আৰু পাৰ্শ্বৱৰ্তী এলেকাৰ বায়ুমণ্ডলত ঘূৰ্ণীবতাহ বিৰাজমান হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থকাৰ লগতে কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকণিৰে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ইপিনে ৰাজ্যজুৰি হোৱা বৰষুণৰ প্ৰভাৱত সৰ্বোচ্চ তাপমান হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে উৎকট গৰমৰ পৰা সকাহ পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত সর্বোচ্চ তাপমাত্রা ৩১ ডিগ্ৰী আৰু সৰ্বনিন্ম তাপমাত্রা ২৪ ডিগ্ৰীৰ আশে পাশে থকাৰ সম্ভাৱনা আছে।