ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা ২৪ ঘণ্টাত বানৰ ফলত কোনো প্রাণহানি, বিশেষ ক্ষয়-ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে ১২খন জিলাৰ ৯০০খন গাঁৱৰ ৩ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত ২৩জন লোকে প্রাণ হেৰুৱায়। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৩০টা আশ্রয় শিবিৰত ৩০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাত বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা আৰম্ভ কৰা হৈছে। কাছাৰ জিলাত বানৰ ফলত ২০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু দুজন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়াও কমেও ৭০খন গাঁৱত পৰিস্থিতি স্বাভাৱিক হোৱা নাই আৰু শিলচৰৰ ২০টা আশ্রয় শিবিৰত ভালেসংখ্যক লোকে আশ্ৰয় লৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শ্রীভূমি জিলাতো বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বছৰৰ প্ৰথমটো বানত জিলাখনত ১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি উন্নত হৈছে। জিলাখনত বানৰ ফলত ৪৬খন গাঁৱৰ ১২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শিৱসাগৰ, ধেমাজি, নগাঁৱকে ধৰি কেইবাখনো জিলাত নৈসমূহৰ জলপৃষ্ঠ বিপদসীমাতকৈ নিম্নগামী হোৱাৰ ফলত বান পৰিস্থিতি উন্নত হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।