ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ১২ খন জিলাৰ ৩ লাখ ৩০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। কামৰূপ মহানগৰ জিলাত কালি বিয়লি বান আৰু ভূমিস্খলনৰ বাবে দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ এইবাৰ ৰাজ্যৰ প্ৰথম বান আৰু ভূমিস্খলনত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ লৈ বৃদ্ধি পালে। এইবাৰ বানত ৰাজ্যখনৰ এহেজাৰৰো অধিক গাঁও আৰু প্ৰায় ১২৫০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্য চৰকাৰে প্লাৱিত অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োগ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৩৬ হাজাৰতকৈ অধিক লোকে ১৩৩ টা আশ্রয় শিবিৰত আশ্ৰয় লৈ আছে। পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি পুনৰ আৰম্ভ কৰা হ’ব। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যান্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্রহণ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিগত ছদিন ধৰি এই সেৱা বন্ধ ৰখা হৈছিল৷ ৰাজ্যৰ অধিকাংশ জিলাত বৰষুণ কম হোৱাত ঘাই ঘাই নৈসমূহৰ জলপৃষ্ঠ হ্ৰাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ ঠাই বিশেষে মজলীয়া বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে।
Site Admin | June 8, 2025 12:21 PM | Assam Flood 2025
অসমৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ১২ খন জিলাৰ ৩ লাখ ৩০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত
