অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি

অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে হবলগীয়া নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে। এই আসন দুখনৰ বাবে অহা ১৯ জুনত নিৰ্বাচন অনুষ্ঠিত হব। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ ৬ বছৰীয়া কাৰ্যকালৰ ম্যাদ অহা ১৪ জুনত অন্ত পৰিব। ১৯ জুনত হবলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ দুখন আসনৰ লগতে তামিলনাডুৰ ছখন আসনৰ বাবেও নির্বাচন অনুষ্ঠিত হব।