ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসমৰ চৰকাৰৰ স্বাস্থ্য বিভাগে ৩৬৯৮টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব

অসমৰ চৰকাৰৰ স্বাস্থ্য বিভাগে আজি ৩৬৯৮টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ এই পদসমূহৰ ফলাফল ঘোষণাৰে স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন হ’ব বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে।
অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে কনিষ্টবল পদত থকা স্থগিতাদেশ প্রত্যাহাৰ কৰাৰ পাছত কালি ৫৬১৪টা পদৰ ফলাফল ঘোষণা কৰা হয়। অসম আৰক্ষীৰ ইউ বি শাখাৰ কনিষ্টবলৰ ১৬৪৫টা আৰু সশস্ত্ৰ কনিষ্টবলৰ ২৩০০টা পদৰ ফলাফল ঘোষণা কৰা হয়। অৱশ্যে সংশ্লিষ্ট পদৰ ফলাফলসমূহ ঘোষণা কৰিলেও গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন তিনিখন লেখ আৱেদনৰ শুনানিৰ ওপৰত নিযুক্তিৰ বিষয়টো নিৰ্ভৰ কৰিব। ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত অসম আৰক্ষীৰ ২০২টা কনিষ্টবল পদৰ ঘোষণাৰ বিষয়টো সংৰক্ষিত ৰখা হৈছে। ন্যায়ালয়ৰ ৰায়দানৰ পাছতহে এই ফলাফলসমূহ প্রকাশ কৰিব পৰা যাব।