ডাউনলোড
মোবাইল এপ

android apple
signal

‘অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিত প্ৰকৃতিৰ প্ৰভাৱ’ বিষয়ক প্ৰতিযোগিতা

● ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গৱেষণা পত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যিক ভিত্তিক এই গৱেষণা পত্ৰ প্ৰতিযোগিতাত ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিক্ষাবিদ আৰু গৱেষক ছাত্র-ছাত্রীসকলে অংশগ্রহণ কৰিব পাৰিব। ‘অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিত প্ৰকৃতিৰ প্ৰভাৱ’ বিষয়ক এই প্ৰতিযোগিতাৰ বাবে অহা ১৪ আগষ্টৰ ভিতৰত গৱেষণা পত্ৰৰ সংক্ষিপ্ত টোকা দাখিল কৰিব লাগিব। প্রতিযোগিতাৰ বিতং নিয়মাৱলী আৰু নিৰ্ধাৰিত আবেদন পত্র ITFC.ASSAM.GOV.IN আৰু ITFCDIRECTORATE.ASSAM.GOV.IN ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব। আগ্রহী শিক্ষক-শিক্ষয়িত্ৰী আৰু গৱেষক ছাত্ৰ-ছাত্ৰীসকলে researchitfc2025@gmail.com লৈ ই-মেইল কৰিও আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্রতিযোগিতাত প্ৰথম স্থান লাভ কৰা শিক্ষাবিদ তথা গৱেষক শিক্ষাৰ্থীক ৭৫ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। দ্বিতীয় স্থান প্রাপকক ৫০ হাজাৰ আৰু তৃতীয় স্থান প্রাপকক ৩০ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হ’ব।