ভূটানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী ৰে’ল প্ৰকল্প দুটা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ৪০৩৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্প দুটাৰ ফলত দুয়োখন দেশ লাভৱান হ’ব বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত বিদেশ সচিব বিক্রম মিশ্ৰীৰ সৈতে এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কোকৰাঝাৰৰ পৰা গেলেফু সংযোগী ৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথছোৱা নিৰ্মাণৰ বাবে ৩৪৫৬ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। একেদৰে ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বানৰহাট ছামছে ৰে’ল প্ৰকল্পৰ বাবে ৫৭৭ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই সমগ্ৰ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিদেশ সচিব শ্রী মিশ্ৰীয়ে এই প্রসংগত কয়, যে প্রথমবাৰৰ বাবে ভূটানৰ সৈতে এনেধৰণৰ ৰে’ল প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। বিগত বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্রমণ কালত এই সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে সুৰক্ষাজনিত দিশৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক কালৰেপৰা দেশ দুখনৰ জনসাধাৰণৰ মাজত থকা মৈত্রিৰ বান্ধোন শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্রকল্প দুটাই বিশেষভাৱে সহায় কৰিব। ভাৰতে ভূটানৰ উন্নয়নমূলক কার্যকলাপত বিশেষভাৱে অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে আন্তঃগাঁথনি আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত এই প্ৰকল্প দুটাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।
Site Admin | September 30, 2025 12:04 PM | Awashini Biashnav | NFR Kokrajhar-Gelephu New Line
অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী ৰে’ল প্ৰকল্প দুটা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ
