ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী দুটা ৰে’ল প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ

কেন্দ্ৰীয় চৰকাৰে ভূটানৰ সৈতে সম্পর্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী দুটা ৰে’ল প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। ৪০৩৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্রকল্প দুটাৰ ফলত দুয়োদেশে লাভবান হ’ব বুলি কেন্দ্রীয় ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণবে প্রকাশ কৰিছে। আজি নতুন দিল্লীত বিদেশ সচিব বিক্রম মিশ্ৰীৰ সৈতে এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে কোকৰাঝাৰৰ পৰা গেলেফু সংযোগী ৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথছোৱা নিৰ্মাণৰ বাবে ৩৪৫৬ কোটি টকা ব্যয় ধার্য কৰা হৈছে। একেদৰে ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বানৰহাট ছামছে ৰে’ল প্ৰকল্পৰ বাবে ৫৭৭ কোটি টকাৰ ব্যয় নির্ধাৰণ কৰা হৈছে। এই সমগ্র ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিদেশ সচিব শ্রী মিশ্রীয়ে এই প্রসংগত কয়, যে প্ৰথমবাৰৰ বাবে ভূটানৰ সৈতে এনেধৰণৰ ৰে’ল প্রকল্প নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। বিগত বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্রমণ কালত এই সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে সুৰক্ষাজনিত দিশৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক কালৰেপৰা দেশ দুখনৰ জনসাধাৰণৰ মাজত থকা মৈত্ৰীৰ বান্ধোন শক্তিশালী কৰাৰ ক্ষেত্রত এই প্রকল্প দুটাই বিশেষভাৱে সহায় কৰিব। ভাৰতে ভূটানৰ উন্নয়নমূলক কার্যকলাপত বিশেষভাৱে অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে আন্তঃগাঁথনি আৰু অর্থনৈতিক উন্নয়নৰ দিশত এই প্রকল্প দুটাই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।