অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব: ৰাজ্যপাল

■ দক্ষিণ-পূব এছিয় ৰাষ্ট্ৰসমূহৰ প্ৰৱেশদ্বাৰ ৰূপে অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। ৰাজভৱনত কালি ভাৰতত জাৰ্মানীৰ ৰাষ্ট্রদূত ড° ফিলিপ একাৰমেনৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰে। বৈঠকত অসমত ঐতিহ্য পৰ্যটনৰ পৰা বিনিয়োগৰ সম্ভাৱনা লৈ বিভিন্ন বিষয়ে স্থান লাভ কৰে। আই আই টি খড়গপুৰ আৰু জাৰ্মানীৰ শৈক্ষিক বিনিময় সেৱাৰ মাজৰ সহযোগিতাৰ কথা উল্লেখ কৰি ৰাজ্যপাল আচাৰ্যই আই আই টি গুৱাহাটীৰ সৈতেও অনুৰূপ সহযোগিতাৰ পোষকতা কৰে। এনে সহযোগিতাই অসম আৰু জাৰ্মানীৰ মাজত যুটীয়া গৱেষণাৰ পথ প্রশস্ত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। অলপতে অনুষ্ঠিত বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিষয়ে উল্লেখ কৰি শ্ৰী আচার্যই কয়, যে এই সন্মিলনত দেশ-বিদেশৰ ৪৫ হাজাৰৰো অধিক প্রতিনিধিয়ে ভাগ লয় আৰু ৩০০ৰো অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। তেওঁ কয়, যে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক কেন্দ্ৰ আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ সম্ভাৱনাৰ প্ৰতি বিশ্বাসৰ বাবেই এই সম্ভৱ হৈ উঠা বুলি ৰাজ্যপালগৰাকীয়ে
মন্তব্য কৰে।