January 9, 2026 8:06 PM | Bhogali Prep.

printer

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে।
ডিব্ৰুগড় জিলাৰ ৰহমুৰীয়া অঞ্চলৰ বৰতিচুক গাঁৱত পূৰ্বৰ পৰম্পৰা অনুসৰি মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছে।
জিলাখনৰ নাহৰকটিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাওঁ পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা ২০২৬ অনুষ্ঠিত হৈছে। বিধায়ক তৰংগ গগৈয়ে এই মেলাৰ শুভাৰম্ভ কৰে।
ভোগালী বিহুৰ প্ৰাকক্ষণত মাজুলীত অসমী ভোগালী মেলা ২০২৬ আজিৰে পৰা অনুষ্ঠিত হৈছে। টুনী নদীৰ পাৰত অনুষ্ঠিত এই মেলা অহা ১১ জানুৱাৰীত সামৰণি পৰিব।
দক্ষিণ শালমাৰা জিলাৰ হাটশিঙিমাৰিতো আজি অনুষ্ঠিত ভোগালী মেলা জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই শুভাৰম্ভ কৰে। এই মেলাত জিলাখনৰ মুঠ ৪০ টা আত্মসহায়ক গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত এই ৩ দিনীয়া মেলাত আত্মসহায়ক গোটসমূহৰ সদস্যাসকলে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ উপলব্ধ হৈছে।
হোজাইৰ কাকিতো আজিৰে পৰা ৩ দিনীয়া ভোগালী মেলা অনুষ্ঠিত হৈছে। লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মেলাৰ উদ্বোধন কৰে।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱত কালি সন্ধিয়াৰে পৰা তিনি দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হয়। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ্বোধন কৰা এই ভোগালী মেলাত চিডলী-চিৰাং আৰু বড়ো বজাৰ খণ্ড উন্নয়ন এলেকাৰ ৩১টা আত্মসহায়ক গোটে প্রস্তুত কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। ভোগালী বিহুৰ উৰুকাৰ দিনা বিভিন্ন থলুৱা খেল-ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনাইছে। জিলাখনৰ ভালুকডুবি শালবাৰী প্ৰাথমিক খেলপথাৰতো আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভোগালী মেলা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উদ্বোধন কৰে। এই মেলাত গোৱালপাৰা জিলাৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰিছে।
মৰিগাওঁ জিলাৰ মৰিগাওঁ সদৰ বিহুতলীত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে এই মেলা উদ্বোধন কৰে। মেলা উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে মহিলাসকলে নিজে উৎপাদন কৰা সামগ্ৰী সমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰে। এই সামগ্ৰীসমূহত অধিক নতুনত্ব আৰোপ কৰিলে প্ৰতিযোগিতামূলক বজাৰত মহিলাসকল শক্তিশালীভাৱে থিয় দিব পাৰিব বুলিও তেওঁ আশা
প্ৰকাশ কৰে।